COURSE Outcomes

1st Semester [CBCS Mode]
CourseOutcome
অসমীয়া সাহিত্যৰ বুৰঞ্জী (History of Assamese Literature) [শংকৰোত্তৰ যুগ পৰ্যন্ত] (C-1) [৬ ক্ৰেডিট]

অসমীয়া সাহিত্যৰ যুগ বিভাজনৰ পৰিচয়েৰে অসমীয়া সাহিত্যৰ সমগ্ৰ পৰিক্ৰমাৰ এক সাধাৰণ পৰিচয় লাভ৷ ইয়াৰ পাছতে লোক-সাহিত্যৰ পৰা শংকৰোত্তৰ যুগলৈকে ৰচিত অসমীয়া সাহিত্যৰাজিৰ সামগ্ৰিক গতি-প্ৰকৃতিৰ ধাৰণা স্পষ্ট হোৱা। 

অসমীয়া সাহিত্যৰ বুৰঞ্জী (History of Assamese Literature) [অৰুণোদই যুগৰ পৰা সাম্প্ৰতিক কাল পৰ্যন্ত] (C-2) [৬ ক্ৰেডিট]

আধুনিক অসমীয়া ভাষা-সাহিত্যৰ আৰম্ভণি কালৰ পৰা সাম্প্ৰতিক কাললৈকে সাহিত্যৰ গতি-প্ৰকৃতিৰ ধাৰণা লাভ কৰিব ৷

যোগাযোগমূলক অসমীয়া (Communicative Assamese) (AECC2) [২ ক্ৰেডিট]

অসমীয়া ভাষাৰে যোগাযোগৰ দক্ষতা বৃদ্ধিৰ ক্ষেত্ৰত ছাত্র-ছাত্ৰীক সহায় কৰিব। 

অসমৰ সংস্কৃতি আৰু সাংস্কৃতিক পৰ্যটন ( Culture of Assam and Cultural Tourism) (GE 1B) [৬ ক্ৰেডিট]

অসমৰ সাংস্কৃতিক পৰিৱেশ তথা সম্পদৰ আধাৰত পৰ্যটন উদ্যোগ গঢ়াৰ সম্ভাৱনা সম্পৰ্কে ধাৰণা লাভ ।

2nd Semester [CBCS Mode]
CourseOutcome
ভাষাবিজ্ঞানৰ পৰিচয় (Introduction to Linguistics) (C-3) [৬ ক্ৰেডিট]

প্ৰাচ্য আৰু পাশ্চাত্যৰ ভাষা সম্পৰ্কীয় চিন্তা-চৰ্চাৰ ইতিহাস জনাৰ লগতে ভাষা আৰু ভাষাবিজ্ঞান সম্পৰ্কীয় দিশসমূহৰ পৰিচয় লাভ কৰিব ৷

সাহিত্যতত্ত্ব (Poetics) (C-4) [৬ ক্ৰেডিট]

অসমীয়া সাহিত্য অধ্যয়নৰ তাত্ত্বিক আধাৰ ৰূপে ভাৰতীয় আৰু পাশ্চাত্য সাহিত্যতত্ত্ব দুয়োটা পৰম্পৰাৰে সাহিত্যতত্ত্বৰ প্ৰাথমিক জ্ঞান লাভ কৰিব ৷

অসমীয়া সাহিত্যৰ শিক্ষণ পদ্ধতি ( Teaching of Assamese Literature) (GE-2) [৬ ক্ৰেডিট]

অসমীয়া সাহিত্যৰ শিক্ষণ সম্পৰ্কে ধাৰণা দিয়া আৰু সাহিত্যৰ বিভিন্ন ক্ষেত্ৰ সমূহৰ জ্ঞান ছাত্র- ছাত্ৰীক কেনেদৰে দিব লাগে- সেই ক্ষেত্ৰত দক্ষতা অৰ্জন কৰা।

3rd Semester [CBCS Mode]
CourseOutcome
সাহিত্য সমালোচনা (Literary Criticism) (C-5) [৬ ক্ৰেডিট]

সাহিত্য অধ্যয়নৰ অপৰিহাৰ্য অংগ সাহিত্য সমালোচনাৰ পৰিচয় আৰু পদ্ধতি তথা বিভিন্ন প্ৰকাৰৰ সাহিত্যৰ স্বৰূপ সম্পৰ্কীয় ধাৰণা লাভ কৰিব। 

অসমীয়া কবিতাৰ চানেকি (Selection from Assamese Poetry) (C-6) [৬ ক্ৰেডিট]

অসমীয়া কবিতাৰ ইতিহাস তথা গতি-প্ৰকৃতি সম্পৰ্কে অৱগত কৰা ৷ লোক কবিতাৰে আৰম্ভ কৰি চৰ্যাপদ-প্ৰাক শংকৰী-শংকৰী-শংকৰোত্তৰ যুগ আৰু অসমীয়া কবিতাৰ পৰা উল্লেখযোগ্য কেইটিমান চানেকিৰ অধ্যয়নে অসমীয়া কবিতা সম্পৰ্কে স্পষ্ট ধাৰণা লাভ কৰিব ৷

অসমৰ সংস্কৃতি অধ্যয়ন (Studies on the Culture of Assam (C-7) [৬ ক্ৰেডিট]

সংস্কৃতিৰ সাধাৰণ ধাৰণাসহ অসমৰ নৃ-গোষ্ঠী আৰু সংস্কৃতি সম্পৰ্কে অৱগত হোৱা।

অসমীয়া ভাষাৰ শিক্ষণ পদ্ধতি (Teaching of Assamese Language) (GE-3) [৬ ক্ৰেডিট]

অসমীয়া ভাষাৰ ব্যৱহাৰ কৰোঁতে শুদ্ধকৈ কোৱা আৰু লিখাৰ ক্ষেত্ৰত দক্ষতা অৰ্জন কৰাৰ লগতে সেই সম্পৰ্কে সম্যক জ্ঞান লাভ কৰিব।

4th Semester [CBCS Mode]
CourseOutcome
তুলনামূলক সাহিত্যৰ পদ্ধতি আৰু প্ৰয়োগ (Theory and Practice of Comparative Literature) (C-8) [৬ ক্ৰেডিট]

তুলনামূলক সাহিত্যৰ সাধাৰণ ধাৰণাৰ লগতে ভাৰতীয় সাহিত্য তথা অসমীয়া সাহিত্যৰ প্ৰেক্ষাপটত তুলনামূলক সাহিত্য অধ্যয়নৰ প্ৰাসংগিকতা আৰু প্ৰণালীৰ আভাস লাভ। 

ভাৰতীয় আৰ্যভাষা আৰু অসমীয়া ভাষা (Indo-Aryan Language and Assamese Language) (C-9) [৬ ক্ৰেডিট]

ভাৰতীয় আৰ্যভাষাৰ ক্ৰমবিকাশৰ ৰূপৰেখা আৰু সংস্কৃত, পালি আৰু প্ৰাকৃত ব্যাকৰণৰ বৈশিষ্ট্য সমূহৰ পৰিচয় লাভ ৷

অসমীয়া গদ্যৰ চানেকি [ক] (Selection from Assamese Prose) (C-10) [৬ ক্ৰেডিট]

অসমীয়া গদ্য সাহিত্যৰ উদ্ভৱ তথা বিকাশৰ ধাৰা সম্পৰ্কে জানিব পাৰিব ৷ অসমীয়া গদ্যৰ জনক ভট্টদেৱৰ পৰা আৰম্ভ কৰি বৰ্তমানলৈকে অসমীয়া নিৰ্বাচিত অংশ গদ্যৰ অধ্যয়নে বিষয় - বৈশিষ্ট্য স্পষ্ট কৰিব ৷

সাহিত্যৰ সমাজতাত্ত্বিক অধ্যয়ন (GE-4) [৬ ক্ৰেডিট]

সাহিত্যৰ অধ্যয়নৰ জগতত নতুনকৈ বিকশিত হোৱা সাহিত্যৰ সমাজতত্ত্ব নামৰ আন্তবিদ্যাৱৰ্তী বিষয়টোৰ লগত ছাত্র- ছাত্ৰীসকলক পৰিচয় কৰাই  সমাজতাত্ত্বিক দৃষ্টিভংগীৰে সাহিত্য অধ্যয়নৰ প্ৰতি আকৰ্ষণ কৰোৱা।

5th Semester [CBCS Mode]
CourseOutcome
অসমীয়া নাটক (Assamese Drama) (C-11) [৬ ক্ৰেডিট]

প্ৰাচীন কালৰে পৰা পাশ্চাত্য লক্ষণ সম্বলিত আধুনিক নাটকলৈকে অসমীয়া নাটকৰ চমু ইতিহাস জনাৰ লগতে নিৰ্বাচিত অসমীয়া নাটকৰ অধ্যয়নেৰে অসমীয়া নাট্য সাহিত্যৰ গতি-বিধি সম্পৰ্কে জানিব পাৰিব ৷

অসমীয়া ভাষাৰ ভাষা বৈজ্ঞানিক অধ্যয়ন (Studies on Assamese Linguistics) (C-12) [৬ ক্ৰেডিট]

অসমীয়া ভাষাৰ ধ্বনিতত্ত্ব, ৰূপতত্ত্ব, বাক্যতত্ত্বৰ সম্পৰ্কে পৰিচয় লাভ কৰিব ৷ লগতে ধ্বনি বিজ্ঞানৰ তাত্ত্বিক জ্ঞান লাভৰ বাবে বাগিন্দ্ৰিয়ৰ পৰিচয়, ধ্বনি, বৰ্ণ, উপধ্বনিৰ সংজ্ঞা আৰু ধ্বনি পৰিৱৰ্তনৰ নিয়মসমূহ জানিব পাৰিব ৷

অসমীয়া ব্যাকৰণ, অভিধান আৰু জতুৱা প্ৰয়োগ ( Assamese Grammar, Lexicon and Idiomatic Usages) (DSE 1) [৬ ক্ৰেডিট]

অসমীয়া  ভাষাৰ শুদ্ধ উচ্চাৰণ, শুদ্ধ আখৰ জোঁটনি, অসমীয়া জতুৱা ঠাঁচ আৰু খণ্ডবাক্যৰ প্ৰয়োগৰ লগতে উপযুক্ত পৰিভাষাৰ প্ৰয়োগ, অসমীয়া ব্যাকৰণৰ বিবিধ দিশ আৰু অসমীয়া অভিধানৰ সাধাৰণ পৰিচয় লাভ কৰিব। 

ভাৰতীয় সাহিত্যৰ পৰিচয় ( Introduction to Indian Literature) (DSE - 2) [৬ ক্ৰেডিট]

ভিন্ন ভাষাত প্ৰকাশ লাভ কৰা সমগ্ৰ ভাৰতীয় সাহিত্যক একক ৰূপত পৰিচয় প্ৰদান কৰাৰ উদ্দেশ্যে নিৰ্বাচিত ভাৰতীয় সাহিত্যিকৰ সাহিত্য অধ্যয়নৰ যোগেদি ভাৰতীয় সাহিত্যৰ আভাস লাভ। 

6th Semester [CBCS Mode]
CourseOutcome
অসমীয়া গদ্যৰ চানেকি [খ] (Selection from Assamese Prose) (প্ৰকাশভংগী সম্পৰ্কীয় অধ্যয়ন) (C-13) [৬ ক্ৰেডিট]

অসমীয়া গদ্যৰ নিৰ্বাচিত অংশৰ অধ্যয়নৰ যোগেদি আধুনিক কালৰ সৃষ্টিশীল গদ্য সাহিত্যৰ বৈবিধ্য-বৈচিত্ৰ্য তথা গতি-প্ৰকৃতি সম্পৰ্কে জানিব পাৰিব ৷

অসমৰ ভাষা আৰু লিপি (Language and Script of Assam) (C-14) [৬ ক্ৰেডিট]

অসমৰ ভাষাৰ সাধাৰণ পৰিচয়ৰ লগতে অসমীয়া ভাষা আৰু উপ-ভাষাৰ সাধাৰণ পৰিচয় পাব পাৰিব৷ অসমৰ ভাষাৰ ভাষাতাত্ত্বিক বৈশিষ্ট্য, অসমীয়া ভাষা আৰু আৰ্যভিন্ন ভাষাৰ আদান-প্ৰদান ইত্যাদি বিষয়সমূহৰ সামগ্ৰিক পৰিচয় পাব পাৰিব ৷

বিশ্ব সাহিত্যৰ পৰিচয় ( Introduction to World Literature) (DSE - 3) [৬ ক্ৰেডিট]

বিশ্ব সাহিত্য পদৰ অথবা ধাৰণাৰ সৃষ্টি আৰু বিস্তৃতিৰ লগতে বিশ্ব প্ৰেক্ষাপটত গুৰুত্ব আৰু খ্যাতি লাভ কৰা নিৰ্বাচিত সাহিত্য অধ্যয়নৰ সুযোগ প্ৰদান।

বিশেষ লেখক (Special Author) (DSE - 4) [৬ ক্ৰেডিট]

যিকোনো এগৰাকী বিশিষ্ট অসমীয়া লেখকৰ বিষয়ে বিস্তৃত ভাৱে জনাৰ সুবিধা প্ৰদানৰ উদ্দেশ্য ভূপেন হাজৰিকা, ভবেন্দ্ৰনাথ  শইকীয়া, বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য, মামণি ৰয়ছম গোস্বামী আৰু নিৰুপমা বৰগোহাঞিৰ ভিতৰত কোনো এগৰাকীৰ জীৱন আৰু সাহিত্য কৃতিৰ অধ্যয়নৰ সুবিধা প্ৰদান ।